Original text in Assamese by Guna Moran
পাৰ্থক্য
গুণ মৰাণ
গাৰ কাষেৰে
চাঁতকৈ
বন- পক্ষী উৰি যায়
বন- ৰজাই কেৰাহিকৈ চায়
থাপ মাৰি ধৰিবলৈ বন- পক্ষীক
দীঘলকৈ জাঁপ দি বন-ৰজা
নিজেহে ধুপুচকৈ পৰে
গোটেই অৰণ্যখনৰে ৰজা সি
অথচ অৰণ্যখনৰ ওপৰেৰে বিচৰণ কৰিব নোৱাৰে
বন-ৰজাৰ এনে অক্ষমতা
পক্ষীবোৰৰ বাবে সৌভাগ্য
সেইবাবে ভাগ্যবান পক্ষীবোৰে
স্ব-ইচ্ছাৰে পচন্দৰ গছত বাহ সাজে
সংগীৰ স'তে বিলাস কৰে
এদিনো বন-ৰজাৰ অনুমতি নলয়
তাতোতকৈ আমোদৰ কথা
চৰাইবোৰে চিঞৰ- বাখৰ কৰি বন-ৰজাৰ
চিকাৰ- যাত্ৰাত বাধক হৈ বাকী জীৱক খবৰ দিয়ে
বন-পক্ষীৰ সমুখত অসহায় বন-ৰজাই
সেয়েহে ঘাঁহ- বনৰ আঁৰে আঁৰে চিকাৰ কৰে
পক্ষীবোৰে নেদেখাকৈ
পাখি আছে যাৰ
মাটি আৰু আকাশ উভয়তে বিচৰণ তাৰ
ঠেং- ভৰি আছে যাৰ
মাটিতহে বিচৰণৰ সুবিধা আছে তাৰ
অতপৰে ওপৰত কৈ থকা সাধুটো
আচলতে উৰণ আৰু ভ্ৰমণৰ পাৰ্থক্যৰ এটি সঠিক নমুনা
Translated from Assamese by Bibekananda Choudhury
The wild bird flies by
In a whiff
The jungle-king casts a sideways glance
To seize the wild bird
The jungle-king pounces with a long leap
And falls flat itself
It is the king of the entire jungle
Yet it cannot hover over the jungle
Such inability of the jungle-king
Is good fortune for the avian
So the lucky avians
Can build their nests on the trees they like
Spend time with their mates
No need to ask permission from the jungle-king
The funny thing is that
The birds spread the news of movement of the jungle-king
To the other jungle-dwellers
Hindering its hunting mission
The jungle-king helpless in front of the jungle-birds
Makes its hunting mission under the cover of tall grasses
Avoiding the birds
Those that have wings
Have movement both on land and air
Those that have only legs
Have movement only on land
The story narrated so far
is a perfect example of
The difference between flying and travelling
Guna Moran , an another winner of Creator Of Justice Award 2020 by International Human Right Art Festival , is an assamese poet and critic. His poems are published in more than hundred international magazines,journals,webzines,